বিশেষ ভোটাৰ পুনৰীক্ষণ (SIR) – অসমত ভোটাৰ তালিকা সংশোধনৰ বিশেষ পদক্ষেপ
ভাৰতীয় নিৰ্বাচন আয়োগেৰে চালিত বিশেষ গভীৰ পুনৰীক্ষণ (Special Intensive Revision – SIR) হৈছে ভোটাৰ তালিকা পৰীক্ষণ আৰু সংশোধনৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া।
এই প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে প্ৰতিজন বৈধ নাগৰিকৰ নাম সঠিকভাৱে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰা।
এইবাৰ SIR-ত তিনিটা ভিন্ন সময়সীমাত জন্ম হোৱা নাগৰিকৰ বাবে পৃথক নিয়ম কৰা হৈছে।
তলত পইণ্ট অনুসৰি বিৱৰণ দিয়া হ’ল ⬇️
১. যিসকল নাগৰিকে ১৯৮৭ চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰিছে
এইসকল ভোটাৰক নিম্নলিখিত নথিপত্ৰ দাখিল কৰিব লাগিবঃ
-
নিজৰ Identity Proof (যি কোনো সরকারী চিনাক্তকৰণ কাৰ্ড — PAN, Aadhaar, Passport, Driving License আদি)।
-
২০০৫ চনৰ ভোটাৰ তালিকাৰ কপি, য’ত নিজৰ নাম অথবা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত।
২. ১৯৮৭ জুলাইৰ পৰা ২০০২ চনৰ মাজত জন্মগ্ৰহণ কৰা ভোটাৰসকল
এই সময়সীমাৰ নাগৰিকসকলক প্ৰমাণৰ বাবে কিছুমান অতিৰিক্ত নথি প্ৰয়োজন হবঃ
-
নিজস্ব Identity Proof।
-
জন্ম প্ৰমাণপত্ৰ (Birth Certificate অথবা অন্য বৈধ নথি)।
-
মাতাপিতাৰ Identity Proof।
-
নিজে অথবা মাতাপিতাৰ নাম থকা ২০০৫ চনৰ ভোটাৰ তালিকা।
৩. ২০০২ চনৰ পাছত জন্মগ্ৰহণ কৰা ভোটাৰসকল
-
নিজস্ব Identity Proof।
- Birth Certificate (জন্ম প্ৰমাণপত্ৰ)।
- মাতাপিতাৰ Identity Proof
- মাতাপিতাৰ নাম অন্তৰ্ভুক্ত ২০০৫ চনৰ ভোটাৰ তালিকা।
SIR (Special Intensive Revision) হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ যাৰ জৰিয়তে ভোটাৰ তালিকা শুদ্ধকৰণ কৰা হয়।
সঠিক নথি দাখিল কৰাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ এইদৰে নাগৰিকসকলৰ ভোটাধিকাৰ সুৰক্ষিত হৈ থাকে।
👉 সেয়েহে সকলো যোগ্য ভোটাৰক আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে এই বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি, নিজৰ নাম ভোটাৰ তালিকাত সঠিকভাৱে অন্তৰ্ভুক্ত হোৱাৰ ব্যৱস্থা কৰে।

0 Comments